চীনৰ বসন্ত উৎসৱ - গুৱ-নিয়ন

AsomiyaMaya Article

 চীন দেশৰ বসন্তকালীন উৎসৱক চীনৰ নৱবৰ্ষ বুলিও কয়৷ চীনত প্ৰচলিত চান্দ্ৰ কেলেণ্ডাৰৰ প্ৰথম দিনৰ পৰা এই উৎসৱৰ আৰম্ভণি আৰু সাত দিন ধৰি এই উৎসৱ পালন কৰা হয়৷ চীনা জনসাধাৰণৰ সামাজিক জীৱনৰ সবল প্ৰতিচ্ছবি প্ৰতিফলিত হয় চীনৰ বসন্তকালীন উৎসৱ নৱবৰ্ষৰ জৰিয়তে৷ 


বসন্তোৎসৱৰ আঁৰৰ কাহিনী 

গ্ৰেগৰিয়ান কেলেণ্ডাৰৰ মতে চীনাসকলৰ নৱবৰ্ষৰ দিন এপ্ৰিল মাহৰ ৩০ তাৰিখৰ পৰা মে’ মাহৰ ৩০ তাৰিখৰ ভিতৰত পৰে৷ ২০০৮ বৰ্ষত জ্জ এপ্ৰিলত আৰু ২০০৯ বৰ্ষত চ্ছ মে’ত নৱবৰ্ষ পালন কৰা হৈছিল৷ ২০১০ চনত নৱবৰ্ষ পালনৰ দিন হ’ব ১৪ এপ্ৰিল৷ এই উৎসৱক  পুনৰ্মিলনৰ ভোজমেলা বুলিও কোৱা হয়৷ চীনা ভাষাত ইয়াক কোৱা হয় ‘গুৱ-নিয়ন’৷ ‘গুৱ’ৰ অৰ্থ হ’ল পাৰ হৈ যোৱা, ‘নিয়ন’ মানে বছৰ৷ অৰ্থাৎ বছৰৰ শেষ আৰু নতুন বছৰৰ আদৰণি উৎসৱ৷ হাজাৰ হাজাৰ বছৰ অতিক্ৰম কৰা এই উৎসৱৰ লগত জড়িত হৈ আছে আশ্বৰ্যকৰ কাহিনী৷

অতীতত হেনো সাগৰতীৰৰ নিম্নাংশত মূৰত শিং থকা এটা প্ৰাণী আছিল৷ প্ৰতি বছৰে বছৰৰ আৰম্ভণিতে সি ওলাই আহি গাঁওবোৰত সোমাই মানুহ, জীৱ-জন্তু মাৰি অত্যাচাৰ চলাইছিল৷ এবাৰ এনে সময়তে ‘পীচব্ল’জম’ নামৰ গাঁওখনত উজ্জ্বল চকু, হাতত লাখুটি আৰু কান্ধত মোনা লৈ এজন বৃদ্ধৰ আৱিৰ্ভাৱ হ’ল৷ তেতিয়া সেই গাঁৱত আছিল এজনী বুঢ়ী, বাকী সকলোৱে আচৰিত প্ৰাণীটোৰ ভয়ত সুদূৰ পৰ্বতত৷ বৃদ্ধজনেই বুঢ়ীক আশ্বাস দিলে যে সাগৰৰ পাৰৰ পৰা ওলোৱা অদ্ভুত প্ৰাণীটোক তেওঁ বধ কৰিব, যদিহে তেওঁক থাকিবলৈ আশ্ৰয় দিয়ে৷ অদ্ভুত প্ৰাণীটো ওলাই অহাত তাক বধ কৰি গাঁওবাসীৰ জীৱন ৰক্ষা কৰিলে সেই বৃদ্ধজনে৷ পলায়ন কৰা মানুহবোৰ ঘূৰি আহি সকলো কথা শুনি অতি আচৰিত হ’ল৷ মনৰ উলাহত উত্ৰাৱল হ’ল৷ সেই প্ৰাণীটো হত্যাৰ পাছৰ দিনটোৱেই আছিল চান্দ্ৰ বৰ্ষৰ প্ৰথম দিন৷ তেতিয়াৰ পৰাই চীনাসকলে নৱবৰ্ষৰ প্ৰথম দিন পালন কৰিবলৈ লোৱা বুলি প্ৰবাদ চলি আছে৷ চ্যাং বংশৰ ৰাজত্ব কালৰ পৰা নৱবৰ্ষ পালন কৰা হৈছে বুলি কয়৷

কেনেকৈ পালন কৰে চীনা নৱবৰ্ষ 

চীনাসকলৰ প্ৰাণৰ উৎসৱ হ’ল চীনা ‘নৱবৰ্ষ’৷৷ উৎসৱৰ আৰম্ভণিতে নিজৰ বাসভৱন, উপাসনাগৃহ চাফ-চিকুণ কৰি সুন্দৰকৈ সজাই-পৰাই লোৱা হয়৷ নতুন সাজ-পোচাক পৰিধান কৰি প্ৰত্যেকেই সৌন্দৰ্যময় হৈ পৰে৷ সুগন্ধি ধূপ-ধূনা জ্বলাই স্বাস্থ্য, শান্তি আৰু সৌভাগ্য কামনা কৰি উপাস্য দেৱতাক আৰাধনা কৰে৷ উজ্জ্বল চাকিৰে চৌদিশে পোহৰাই তোলে৷ ৰঙীন কাগজত দ্বিপদী কবিতা শাৰী শাৰীকৈ লিখি আঁৰি দিয়ে৷ পৰিয়ালৰ সকলোৱে মিলি উৎসৱ উপলক্ষে বনোৱা ‘জাইজিও’ আৰু ‘নায়েংগ’ৰে ভোজভাত খায়৷ নতুন বছৰৰ শংখধবনি বাজি উঠাৰ লগে লগে জুই জ্বলাই আকাশ মুখৰিত কৰি তোলে৷ জুই জ্বলোৱাৰ অৰ্থ হ’ল পুৰণিক বিসৰ্জন দি নতুনক আদৰণি জনোৱা৷ নগৰ-চহৰ, গ্ৰামাঞ্চলৰ আকাশ মুখৰিত হয় য়াগে নৃত্য, সিংহ নৃত্য আৰু ড্ৰেগন নৃত্যৰ গীতেৰে৷ দূৰ-দূৰণিত থকা পৰিয়ালৰ সদস্যসকল এই উৎসৱত ঘৰলৈ অহা এক বিশেষ পৰম্পৰা৷ ইয়াৰ উপৰি আত্মীয়-স্বজনৰ ঘৰলৈ গৈ সহৃদয়তা বিনিময় কৰা হয় এই উৎসৱত৷ চীনা নৱবৰ্ষৰ কেইটামান বিশেষ বৈশিষ্ট্যৰ বিষয়ে চিনাকি হওঁ আহক –

নিনিয়াব্বাৰ দিনা .

নতুন বছৰৰ আৰম্ভণিতে ঘৰ-দুৱাৰৰ লগতে বাসভৱনৰ চৌদিশে পৰিষ্কাৰ কৰি সজাই লয়৷ এই দিনটোক কোৱা হয় নিনিয়াব্বা৷ সকলো আৱৰ্জনা আঁতৰাই নতুন বৰ্ষক আদৰিবলৈ সেইদিনাৰ পৰাই চীনাসকল সাজু হয়৷ পুৰণি বৰ্ষৰ সকলো দুৰ্ভাগ্য, কলুষতা পাহৰি আগত দিনত সৌভাগ্যৱান হোৱাৰ কামনাতেই যেন নৱ প্ৰস্তুতি৷ সেয়েহে প্ৰতিটো পৰিয়ালৰ ঘৰ-দুৱাৰ ৰঙীন কৰি আটকধুনীয়াকৈ সজাই তোলে নৱবৰ্ষক আদৰিবলৈ৷

ফুল আৰু অলংকাৰৰ সমাৱেশ 

চীনাসকল অতি সৌন্দৰ্যপ্ৰিয়৷ বিভিন্ন ফুলৰ সমাৱেশেৰে চাৰিওফালে সৌন্দৰ্যময় কৰি তোলে৷ ফুলবোৰৰ ভিতৰত পীচব’জম ফুল হ’ল সৌভাগ্যৰ প্ৰতীক৷ কুমকুৱাট ফুল হ’ল সমৃদ্ধিৰ প্ৰতীক৷ নাৰ্ছিচাচ ফুল হ’ল দীৰ্ঘায়ুৰ প্ৰতীক আৰু সূৰ্যমুখী ফুল হ’ল এটা ভাল বছৰৰ প্ৰতীক৷ সেয়েহে এই আটাইবোৰ ফুলেৰে সজাই তোলা হয় প্ৰতিটো পৰিয়ালৰ বাসভৱন আৰু উৎসৱস্থলী৷

নতুন বৰ্ষৰ ভোজমেল 

চীনা নৱবৰ্ষত পৰিয়ালৰ পৰা আঁতৰত থকা আন আন সদস্যসকল ঘৰলৈ অহা বিশেষ পৰম্পৰা অতীতৰ পৰা চলি আহিছে৷ সেয়েহে পৰিয়ালৰ সকলো সদস্যৰ উপস্থিতিত নৱবৰ্ষৰ ভোজভাত খাই পৰম তৃপ্তি লাভ কৰে৷ সেইদিনাৰ বাবে বনোৱা ‘জাইজিও’ আৰু ‘নায়েংগ’ সকলোৰে অতি প্ৰিয় খাদ্য৷  আনহাতে এই ভোজমেলত উপস্থিত থাকিব নোৱৰা সদস্যৰ বাবে বেলেগে খোৱাৰ আসন সাজু কৰি ৰাখি তেওঁলোকৰ উপস্থিতিৰ প্ৰতীক হিচাপে গণ্য কৰা কাৰ্য অতি আদৰণীয়৷  ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ এই বসন্তকালীন উৎসৱৰ কিছু প্ৰভাৱ আমাৰ দেশৰ বিভিন্ন প্ৰান্তৰ বিহু উৎসৱতো পৰিছে৷

You may like these posts

Comments

  1. To insert a code use <i rel="pre">code_here</i>
  2. To insert a quote use <b rel="quote">your_qoute</b>
  3. To insert a picture use <i rel="image">url_image_here</i>
লিখা, মন্তব্যৰ বিষয় অনুসৰি মন্তব্য এৰি দিয়ক সক্ৰিয় লিংক প্ৰদৰ্শিত নহ'ব।
ব্লগ প্ৰশাসক আৰু লেখকসকলৰ প্ৰেৰণ কৰা মন্তব্যত বিলোপ, স্পাম চিনাক্ত কৰাৰ অধিকাৰ আছে