সম্পাদকীয়

AsomiyaMaya সম্পাদকীয়

 

নমস্কাৰ৷ সমূহ বিহুবলিয়া অসমবাসীলৈ ‘মায়া’ পৰিয়ালৰ হৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷ অনাগত দিনবোৰত আশাকৰোঁ থান-বান হৈ পৰা অসমীয়া জাতিটো পুনৰ একত্ৰ হৈ এক শক্তিশালী জাতি হিচাপে গঢ় লৈ উঠিব৷ আহিবলগীয়া দিনবোৰৰ সপোন দেখোঁ-- যেন বড়ো, মিচিং, চাহ জনজাতিয়ে বিহু-ঝুমুৰ, বাগৰুম্বা আদি অসমৰ নৃত্য-গীতেৰে পৃথিৱীৰ সকলো জাতি-জনজাতিকে একেটি ছন্দতে নচুৱাইছে, একতাৰ লহৰ তুলিছে৷ সপোন দেখোঁ-- অসমৰ বৰগীত, লোকগীত, নাম আৰু ঘোষাৰ আৰতি সমগ্ৰ জগতত মুখৰিত হৈছে৷ সপোন দেখোঁ --অসমৰ বস্ত্ৰশিল্পই পেৰিছৰ আন্তৰ্জাতিক ফেশ্যন শ্ব’ আৰু মেলাসমূহত সন্মান বুটলিছে৷ অসমৰ মৃণ্ময়, কাঁহ শিল্পই বিশ্বৰ অভিজাত শ্বপিং মলবোৰত ভিৰ কৰিছেহি৷ হয়, এনেকুৱা আৰু বহুত সপোন আমাৰ বহুতৰেই আছে৷ পিছে এই সপোনবোৰ কিদৰে এদিন বাস্তৱ হ’বগৈ তাৰহে কোনো সঠিক পথ দেখা পোৱা নাই৷ তথাপি নিৰাশাৰ মাজতো মই দেখা এটি উপায় হ’ল অসমৰ বিহু মঞ্চ৷ হয়, অসমৰ বিহু মঞ্চসমূহক কেৱল লাখটকীয়া শিল্পীৰ গীতৰ প্ৰদৰ্শনৰ নিশাতে আবদ্ধ নাৰাখি যদিহে আমাৰ অসমীয়া লোক-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ বাবে ব্যাপক কাৰ্যসূচী লোৱা হয় তেনেহ’লে নি(য় লাহে লাহে অসমীয়া সংস্কৃতি সমগ্ৰ বিশ্বতে বিয়পি পৰিব৷ মই ভাবোঁ, বিহু মঞ্চসমূহৰ সঠিক প্ৰয়োগ এতিয়ালৈকে অসমীয়াই কৰিব পৰা নাই৷ সমূহ বিহু মঞ্চ একত্ৰিত হৈ অসমীয়া জাতিটোকেই একত্ৰিত কৰিব পৰা যায়৷ কাৰণ বিহুৱেই অসমৰ চুকে-কোণে একে সময়তে হোৱা এখনি বৃহৎ সামাজিক মঞ্চ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে অসমীয়া জাতিয়ে এতিয়াও বিহুক মাথোঁঁ এক ‘সাংস্কৃতিক নিশাতেই’ আৱদ্ধ কৰি ৰাখিছে৷ আহক, বিহুক পুনৰ মঞ্চৰ পৰা নমাই আনো ৰাইজৰ মাজলৈ৷ বিহুৱে প্ৰতিফলিত কৰক অসমীয়া জাতিৰ বৰ্ণিল সাজ-পাৰ, নৃত্য-গীত, খাদ্য ব্যৱহাৰ আৰু পৰম্পৰা, আমাৰ ইতিহাস আৰু ঐতিহ্য৷ জয় আই অসম৷ -


-ৰবচন বৰুৱা

You may like these posts

Comments

  1. To insert a code use <i rel="pre">code_here</i>
  2. To insert a quote use <b rel="quote">your_qoute</b>
  3. To insert a picture use <i rel="image">url_image_here</i>
লিখা, মন্তব্যৰ বিষয় অনুসৰি মন্তব্য এৰি দিয়ক সক্ৰিয় লিংক প্ৰদৰ্শিত নহ'ব।
ব্লগ প্ৰশাসক আৰু লেখকসকলৰ প্ৰেৰণ কৰা মন্তব্যত বিলোপ, স্পাম চিনাক্ত কৰাৰ অধিকাৰ আছে