একমাত্ৰ দুযোৰ্ধনৰ ভাতৃ বিকৰ্ণই কৰিছিল দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ প্ৰতিবাদ

 ৰামায়ণ আৰু মহাভাৰতৰ মূল বিষয়টো উপস্থাপন হৈছে দুগৰাকী নাৰীক কেন্দ্ৰ কৰি৷ দুগৰাকী নাৰীক লাঞ্ছিতা কৰাৰ চৰম পৰিণতিতেই এই দুই কাব্য ৰচিত হৈছে৷ ৰামায়ণত সীতাহৰণ আৰু মহাভাৰতত দ্ৰৌপদীৰ বস্ত্ৰহৰণ৷ যদি এই দুগৰাকী নাৰী লাঞ্ছিতা নহলহেঁতেন তেতিয়াহলে ৰামায়ণ আৰু মহাভাৰতৰ কাহিনী সূচনাই নহলহেঁতেন কিজানি অথবা দুখন স্বজনঘাটী যুদ্ধ নোহোৱাৰ সন্দেহেই প্ৰবল আছিল৷ 


দুগৰাকী নাৰী লাঞ্ছিতা হোৱাৰ পৰিণতিতেই এনে ভয়ানক পৰিস্থিতিৰ উদ্ভৱ হ’ল৷ ফলত পৃথিৱীৰ বুকুৰ পৰা দুটা বংশ প্ৰায় নিশ্চিহ্ন হোৱাৰ পথত অগ্ৰসৰ হয়৷ সৰ্বনাশী মহাসমৰৰ শেষত ৰাক্ষস বংশৰ অৱশিষ্ট আছিল বিভীষণ আৰু কৌৰৱ বংশৰ সৌবলী আৰু যুযুৎসু৷ 

সীতাহৰণৰ পিছতেই মহাসংগ্ৰামৰ আশঙ্কাই দেখা দিছিল৷ যুদ্ধৰ বহুত আগতেই লঙ্কাৰ ৰজা ৰাৱণৰ সৰু ভায়েক বিভীষণে এই সীতাহৰণৰ বিৰোধিতা কৰিছিল৷ ৰাৱণে সেই কথাত কাণ নিদিয়াত বিভীষণ গৈ ৰামৰ ওচৰত আশ্ৰয় লয়৷ 

সীতাহৰণ যেনেকৈ বিভীষণে সমৰ্থন কৰা নাছিল, ঠিক তেনেকৈ ৰাজসভাত কুলবধূ দ্ৰৌপদীৰ নিগ্ৰহৰো সমৰ্থন কৰা নাছিল গান্ধাৰী পুত্ৰ, দুৰ্যোধনৰ সৰু ভায়েক বিকৰ্ণই৷ 

ভয়ঙ্কৰ সৰ্বনাশৰ সেই সভাত লাঞ্ছিতা দ্ৰৌপদীয়ে ৰাজসভাত থকা বিশিষ্ট ব্যক্তিসকলক সুধিছিল-- খেলৰ বাবে যুধিষ্ঠিৰে মোক পণ কৰাটো বৈধ হৈছে জানো? 

দ্ৰৌপদী লাঞ্ছিতা হোৱাটো মনে-প্ৰাণে সমৰ্থন নকৰিলেও ভীস্ম, দ্ৰোৰ্ণ, কৃপ, বিদুৰ আদি বিশিষ্ট সকলো মনে মনে আছিল৷ সেই মুহূৰ্ততে ৰাজসভাত মাত্ৰ এটা প্ৰতিবাদী কণ্ঠ উচ্ছাৰিত হৈছিল -- ‘মই কেতিয়াও দ্ৰৌপদীক খেলত পণ ৰখাটো উচিত বুলি ভবা নাই’৷ এই কণ্ঠ আছিল বিকৰ্ণৰ৷ বিকৰ্ণই ৰাজৰোষত পৰাৰ কথা চিন্তা নকৰি, আগ্নেয়গিৰিৰ নিচিনাকৈ এই অন্যায় দেখি উদ্‌গীৰণ কৰিছিল৷ বিকৰ্ণৰ কণ্ঠৰ দৃঢ়তাত জুই জ্বলাৰ উমান পোৱা গৈছিল৷ 

বিকৰ্ণৰ এনে কথা শুনি দুৰ্যোধনৰ সখীয়েক অঙ্গৰাজ্যৰ ৰজা কৰ্ণই উপহাস কৰি কৈছিল-- ‘তুমি সৰু লৰাৰ নিচিনাকৈ অধৈৰ্য হৈ এই কথা কৈছা, এই বিলাক বিচাৰ কৰাৰ শক্তি আৰু অভিজ্ঞতা কোনোটোৱেই তোমাৰ নাই৷ ’ 

ৰামায়ণত সীতা হৰণৰ প্ৰতিবাদ কৰা বিভীষণক ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে কাপুৰুষ বুলি কৈ অপমানিত কৰিছিল৷ এই অপমানতেই বিভীষণে ৰাৱণক পৰিত্যাগ কৰি যোগ দিয়ে ৰামচন্দ্ৰৰ শিবিৰত৷ 

বিভীষণৰ তুলনাত বিকৰ্ণৰ অপমান আৰু বেছি৷ বিকৰ্ণৰ ন্যায়সংগত প্ৰশ্নৰ উত্তৰ নিদি ‘সৰু লৰা’ বুলি কৈ উপহাসহে কৰে কৰ্ণই৷ 

তথাপি আপোন দায়বদ্ধতা আৰু ক্ষত্ৰিয় ধৰ্মৰ প্ৰতি শ্ৰদ্ধা থকাৰ কাৰণে প্ৰতিবাদী হৈয়ো বিদ্ৰোহী হৈ উঠা নাছিল বিকৰ্ণ৷ ত্যাগ কৰা নাছিল কৌৰৱপক্ষ৷ আৰু বিকৰ্ণৰ এইখিনি মহত্ত্বৰ কাৰণে তেওঁ বিভীষণতকৈ ওপৰত স্থান পাইছিল৷ বিকৰ্ণই কোনো প্ৰাপ্তিৰ আশাত সেই দিনাখন প্ৰতিবাদ কৰা নাছিল৷ তেওঁ প্ৰতিবাদ কৰিছিল ন্যায়ৰ স্বাৰ্থত৷ পাণ্ডৱ হিতাকাঙ্খী হৈয়ো বিকৰ্ণই পাৰিবাৰিক দায়বদ্ধতাৰ কাৰণে কেতিয়াও কৌৰৱপক্ষ এৰা নাছিল৷ বিকৰ্ণ এইখিনিতে ৰামায়ণৰ বিভীষণতকৈ মহান৷ তথাপি মহাভাৰতত প্ৰায় উপেক্ষিত এই চৰিত্ৰ৷  

-- যুতিকা সভাপণ্ডিত

You may like these posts

Comments

  1. To insert a code use <i rel="pre">code_here</i>
  2. To insert a quote use <b rel="quote">your_qoute</b>
  3. To insert a picture use <i rel="image">url_image_here</i>
লিখা, মন্তব্যৰ বিষয় অনুসৰি মন্তব্য এৰি দিয়ক সক্ৰিয় লিংক প্ৰদৰ্শিত নহ'ব।
ব্লগ প্ৰশাসক আৰু লেখকসকলৰ প্ৰেৰণ কৰা মন্তব্যত বিলোপ, স্পাম চিনাক্ত কৰাৰ অধিকাৰ আছে