হিজৰা বা কিন্নৰ হোৱাৰ কাৰণ

পৃথিৱীত পুৰুষ আৰু মহিলাৰ বাদে আৰু এক মনুষ্য হৈছে যাক ‘কিন্নৰ’ বুলি কোৱা হয়৷ ইংৰাজীত কোৱা হয় ‘থাৰ্ড জেণ্ডাৰ’৷ আমাৰ ভাৰতত কিন্নৰক বুজাবলৈ সাধাৰণতে ‘হিজৰা’ শব্দটো বহুলভাৱে প্ৰচলিত৷ এনে ব্যক্তিসকলক সমাজত সাধাৰণ মানুহৰ দৰে সম্মান দিয়া দেখা নাযায়৷ এই ব্যক্তিসকলক সমাজৰ পাছৰ শ্ৰেণীত ৰখা হয়৷ এইসকলক লৈ কিছুমানে বিতৰ্ক মন্তব্য কৰে যে এই কিন্নৰসকল আগৰ জন্মত কিছুমান পাপ কৰা বাবে এনেকুৱা হয় আৰু কিছুমানে কয় গ্ৰহ স্থিতি, ঋতু পৰিৱৰ্তন বাবে এনেকুৱা হয়৷ আচলতে তেনে কোনো কাৰণ নাই৷ কিন্তু প্ৰকৃততে কিন্নৰ হোৱা কাৰণ কি হ’ব পাৰে? গতিকে এই বিষয়ে আজি বিজ্ঞান সম্মত ভাবে জানো আহক৷ 

আমাৰ সভ্যতাৰ সমাজত এই কিন্নৰ সকলক ভাল চকুৰে দেখা নাযায়৷ এই সকলক সাধাৰণ মানুহ হিচাপে ধৰা নহয়৷ পিচে সত্যটো এয়াই যে এই কিন্নৰসকল আমাৰ সাধাৰণ ব্যক্তিৰ মাজৰে এক অংশ৷  আপুনি জানেনে গৰ্ভত থকা অৱস্থাত কেঁচুৱাটো কেনেকৈ কিন্নৰৰ ৰূপ লয়? দৰাচলতে গৰ্ভত থকা শিশু কিছুমান কাৰণত কিন্নৰ হৈ যায়৷ মহিলা গৰ্ভৱতী হোৱা ৩ মাহৰ পাছতে নিৰ্ধাৰণ হয় শিশুটো ল’ৰা নে ছোৱালী৷  কিন্তু সেই সময়ত গৰ্ভৱতী মহিলাই কিছুমান হ’ৰমনৰ সমস্যা, খোৱা-বোৱাৰ সমস্যা আৰু যদি কিবা দুৰ্ঘটনাৰ সম্মুখীন হয় তেতিয়া গৰ্ভত থকা শিশুটো ল’ৰা বা ছোৱালী হোৱাৰ ক্ষেত্ৰত দুটা লিঙ্গৰ গঠন [gender organs or gon] আহি যায়৷  ইয়াৰ বাবে গৰ্ভৱতী হোৱা তিনিমাহৰ আগৰ পৰা মহিলাক সাৱধান আৰু সুস্থ কৈ থাকিবলৈ কোৱা হয়৷  তিনিমাহৰ পাছত গৰ্ভত থকা শিশুটো বিকাশ হ’বলৈ আৰম্ভ কৰে৷ 

ইয়াৰ উপৰিও আমি জানিব লাগিব গৰ্ভত থকা সময়ত শিশুৰ কেনেকৈ লিঙ্গ নিৰ্ধাৰণ হয়? এজন সুস্থ মানুহৰ দেহত ৪৬ বিধ ক্ৰম’জম থাকে৷ ইয়াৰে ৪০ পৰমাণুৰ [৪০ atsome] আৰু দুটা sex chromosomes থাকে এই দুই sex chromosomes এ লিঙ্গ পৰিৱৰ্তনৰ কাম কৰে৷ পুৰুষৰ ক্ষেত্ৰত XY ক্ৰম’জম গঠন হয় আৰু মহিলাৰ ক্ষেত্ৰত XX ক্ৰম’জম৷ এই দুটা ক্ৰম’জম গৰ্ভত গঠিত হৈ পুৰুষ বা মহিলা হোৱাৰ ক্ষেত্ৰত লিঙ্গৰ গঠন প্ৰণালী হয়৷  এতিয়া আমি জানিব পাৰিলো যে XY হ’লে ল’ৰা হয় আৰু XX হ’লে ছোৱালী হয়৷  যদি XY বা XX নহৈ অন্য গঠন হয় যেনে XXদ্ধ, YY, OX হয় [যাক বিজ্ঞানৰ ভাষাত ক্ৰম’জম ডিছঅৰ্ডাৰ বুলি কোৱা হয়] তেন্তে কিন্নৰৰ জন্ম হয়৷ 

এতিয়া আপোনালোকে নি(য় বুজিব পাৰিলে যে কি কাৰণত কিন্নৰ জন্ম হয়৷ 

এতিয়া আমি জানিম যে কি কাৰণত ক্ৰম’জম ডিছঅৰ্ডাৰ হয়? যদি গৰ্ভৱতী মহিলা কোনো বেমাৰত আক্ৰান্ত হয় তেতিয়া ইয়াৰ প্ৰভাৱ গৰ্ভত থকা শিশুটিৰ ওপৰত পৰে৷ আৰু যদি গৰ্ভৱতী হোৱাৰ তিনিমাহৰ আগত অধিক বেমাৰ হয়, সেই সময়ত যদি মহিলা গৰাকীয়ে বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ ডাক্তৰে নোকোৱা অন্য টেবলেট সেৱন কৰে তেতিয়াও কিন্নৰ হোৱাৰ সম্ভাৱনা থাকে৷ ইয়াৰ উপৰিও গৰ্ভৱতী হোৱা সময়ত খোৱা খাদ্য যদি বেয়া হয় বা দৰৱ দিয়া ফল-মূল, শাক-পাচলি খায় থাকে তেতিয়াও কিন্নৰ জন্ম হোৱাৰ সম্ভাৱনা থাকে৷ গৰ্ভৱতী হৈ থকা সময়ত যদি মহিলা গৰাকী আঘাতপ্ৰাপ্ত হয় তেতিয়া গৰ্ভত থকা শিশুটিৰ organs অঙ্গত প্ৰভাৱ পৰে৷  ইয়াৰ বাবে গৰ্ভৱতী মহিলাক সুস্থ ৰখা আৰু সাৱধানতা অৱলম্বন কৰি থাকিবলৈ কোৱা হয়৷ যদি নিজেই ডাক্তৰ হ’বলৈ যায় তেতিয়া এনেবোৰ সমস্যাৰ সম্মুখীন হ’ব লগা হয়৷ কেতিয়াও ডাক্তৰৰ অনুমতি অবিহনে দৰৱ সেৱন কৰিব লাগে৷ 

এনেবোৰ কাৰণতে কিন্নৰ জন্ম হয়৷ কিন্নৰ হোৱাতো পাপ নহয়৷ এনে হোৱাত এইসকলৰ কোনো দোষ নাথাকে৷ এইসকল আমাৰ দৰেই সকলো অনুভূতিৰে পূৰ্ণ লোক৷ গতিকে কিন্নৰক কেতিয়াও দুৰ্ব্যৱহাৰ কৰিব নালাগে৷ কিন্নৰসকল আমাৰ সমাজৰে এক অংশ ৷

--মাইনা গগৈ

You may like these posts

Comments

  1. AHKMET
    আপুনি নিজৰ লেখাটোত বিজ্ঞান সন্মত ভাৱে "কিছুমান মানুহ কিন্নৰ কিয় হয়", এই বিষয়ে লিখিব বিচাৰাতো মই সন্মান জনাইছোঁ। কিন্তু আপুনি প্ৰস্তুট কৰা ক্ৰম'জমেল কাৰণ সমূহ সম্পূৰ্ণ হোৱা নাই। আপুনি উল্লেখ কৰা কাৰণ কেৱল অল্পসংখ্য়ক কিন্নৰৰ ক্ষেত্ৰত হে প্ৰযোজ্য় হব। আপুনি তৃতীয় লিংগৰ কথা ক'বলৈ গলে আন্তঃলিংগতা (intersexuality) আৰু ৰূপান্তৰকামিতা (transsexuality)ৰ কথা বিতং ভাৱে লিখিবলৈ লাগিব।

    ধন্য়বাদ।
  1. To insert a code use <i rel="pre">code_here</i>
  2. To insert a quote use <b rel="quote">your_qoute</b>
  3. To insert a picture use <i rel="image">url_image_here</i>
লিখা, মন্তব্যৰ বিষয় অনুসৰি মন্তব্য এৰি দিয়ক সক্ৰিয় লিংক প্ৰদৰ্শিত নহ'ব।
ব্লগ প্ৰশাসক আৰু লেখকসকলৰ প্ৰেৰণ কৰা মন্তব্যত বিলোপ, স্পাম চিনাক্ত কৰাৰ অধিকাৰ আছে