কেজৰিৱাল কিয় প্ৰশংসনীয় ? - সাংবাদিকৰ টোকাবহী

ঘৃণা, বিভাজন আৰু আনৰ বদনাম ৰটাৰ ৰাজনীতিৰ বিপৰীতে কেজৰিৱালে আৰম্ভ কৰিছে সমন্বয় আৰু আদৰি লোৱাৰ ৰাজনীতি ৷ মানুহক ভাল পাবলৈ, মানুহৰ কাম কৰিবলৈ কেজৰিৱালে দিন-ৰাতি এক কৰিছে৷ 


দিল্লীলৈ আহিছো৷ যি কেইজনক পাইছোঁ তেওঁলোকৰ মনৰ খবৰ লৈছোঁ৷  ইয়াত টেক্সিচালক, সাধাৰণ মানুহক সুধিছো, তেওঁলোকৰ বহু অসন্তুষ্টি আছে যদিও মুখ্যমন্ত্ৰী কেজৰিৱালৰ আচৰণ, ব্যৱহাৰক প্ৰশংসা কৰিলে৷ দিল্লীত ২০২৫ চনত বিধানসভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ সকলো শ্ৰেণীৰ মানুহৰ সুখৰ মাত্ৰা বঢ়াই দুখৰ মাত্ৰা কমোৱাৰ বাবে বিনয়ী কেজৰিৱালে কৰা কামৰ বাবে বিজেপিৰ সম্ভাৱনা দিল্লীত এইবাৰো নাই৷ 

২০২৫ ৰ বিধানসভা নিৰ্বাচনৰ বাবে কেজৰিৱালে এতিয়াৰে পৰা প্ৰস্তুতি চলাইছে৷ ইস্তাহাৰ প্ৰস্তুতৰ কামো কেজৰিৱালে আৰম্ভ কৰিছে৷ বিজেপিৰ ঘৃণা, বিভাজন আৰু আনৰ বদনাম ৰটাৰ ৰাজনীতিৰ বিপৰীতে কেজৰিৱালে আৰম্ভ কৰিছে সমi¤য় আৰু আদৰি লোৱাৰ ৰাজনীতি৷ মানুহক ভাল পাবলৈ, মানুহৰ কাম কৰিবলৈ কেজৰিৱালে দিন-ৰাতি এক কৰিছে৷ আনকি বিজেপিক গালিৰে প্ৰত্যুত্তৰ দিয়াৰ সলনি কেজৰিৱালে নিজৰ কামৰ কথাহে মানুহক কৈ গৈছে৷ 

ভাল আচৰণো ৰাজনীতিৰ এধাৰি মুকুতা হ’ব পাৰে/ সেয়ে আগন্তুক নিৰ্বাচনত কেজৰিৱালে ইস্তাহাৰত সততা আৰু মাৰ্জিত আচৰণক অন্তৰ্ভুক্ত কৰিব বিচাৰিছে৷ মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, অগ্ৰজ আৰু অনুজৰ প্ৰতি আমাৰ প্ৰত্যকৰে আচৰণ কেনে হ’ব লাগে, শিক্ষাগুৰু, পিতৃ-মাতৃৰ প্ৰতি ছাত্ৰ আৰু সন্তানৰ আচৰণ আদি বিষয়বোৰ আমি সততে এৰাই চলোঁ৷ এজন ব্যক্তিৰ আচৰণৰ ওপৰত এখন ঘৰ, এখন সমাজ, এখন ৰাজ্য, এখন ৰাষ্ট্ৰ আৰু শেষত পৃথিৱীৰ ভৱিষ্যত নিৰ্ভৰশীল৷ 

চৰিত্ৰ আৰু আচৰণক গৌণ কৰি ধন, দৌলতেৰে ধনী হোৱা বহু প্ৰতিপত্তিশীল মানুহ আচৰণ আৰু শিষ্টাচাৰৰ ক্ষেত্ৰত তেনেই দুখীয়া৷ উদাহৰণস্বৰূপে,  গুৱাহাটীৰ দুজনকৈ মন্ত্ৰীৰ অহংকাৰ, শিষ্টাচাৰহীন আচৰণৰ কথা মানুহৰ মুখে মুখে৷ 

 ৰাজনৈতিক শিষ্টাচাৰহীন পৰিৱেশে ভাৰতৰ নতুন প্ৰজন্মক হতাশ কৰিছে৷ ছোনিয়া গান্ধীক জাৰ্চি গাইৰ সৈতে তুলনা কৰা, এগৰাকী বোৱাৰী হৈ ভাৰতলৈ অহা এগৰাকী মহিলাক অষ্টপ্ৰহৰ অপমান কৰা, যি গৰাকী মহিলাৰ স্বামীৰ প্ৰাণ সন্ত্ৰাসবাদীয়ে কাঢ়ি নিলে, সেইগৰাকী মহিলাক অশ্লীল আচৰণৰ দ্বাৰা এমুঠি ৰাজনীতিকে প্ৰতিদিন, প্ৰতিসন্ধ্যা ক্ষত-বিক্ষত কৰি থকা কাৰ্যক কেজৰিৱাল আৰু তেওঁৰ অনুগামীসকলে সমৰ্থন কৰা নাই৷ মিছা কথা, অমাৰ্জিত আচৰণ আৰু বিভাজনৰ ৰাজনীতিৰ বিপৰীতে কেজৰিৱালৰ দৰে উচ্ছ শিক্ষিত এজন লোকে ইস্তাহাৰত মানৱীয় আচৰণক অন্তৰ্ভুক্ত কৰিবলৈ লোৱাৰ খবৰে দিল্লীবাসীৰে নহয়, সমগ্ৰ ভাৰতলৈ আশা কঢ়িয়াই আনিছে৷ ই আমাৰ সমাজত বাঢ়ি অহা বৃদ্ধাশ্ৰমৰ সংখ্যাও হ্ৰাস কৰিব এদিন৷ 

ধৰ্ম আৰু জাত-পাতক লৈ অসম আৰু ভাৰতত ঘৃণাৰ ৰাজনীতি আৰম্ভ কৰা সকলৰ সমুখত কেজৰিৱালৰ ৰাজনীতি সেয়ে অতি প্ৰশংসনীয় হৈ আহিছে৷  

 -- জিতুমণি বৰা


You may like these posts

Comments

  1. To insert a code use <i rel="pre">code_here</i>
  2. To insert a quote use <b rel="quote">your_qoute</b>
  3. To insert a picture use <i rel="image">url_image_here</i>
লিখা, মন্তব্যৰ বিষয় অনুসৰি মন্তব্য এৰি দিয়ক সক্ৰিয় লিংক প্ৰদৰ্শিত নহ'ব।
ব্লগ প্ৰশাসক আৰু লেখকসকলৰ প্ৰেৰণ কৰা মন্তব্যত বিলোপ, স্পাম চিনাক্ত কৰাৰ অধিকাৰ আছে