বাকোচাত হৃদপিন্ড কঢ়িওৱা মহিলাগৰাকি

AsomiyaMaya , Pranabjyoti Das


হৃদযন্ত্ৰবোৰ হৃদপেশীৰ দ্বাৰা গঠিত পাম্প সদৃশ একোটা অত্যন্ত গুৰুত্বপূৰ্ণ অংগ, যিয়ে অবিৰতভাৱে প্ৰাণীৰ দেহত জীৱন থকালৈকে স্পন্দিত হৈ গোটেই দেহত ৰক্ত পৰিবহণ কৰে৷ হৃদযন্ত্ৰ অবিহনে জীৱন সম্ভৱ নহয়৷ কিন্তু আচৰিত কথাটো হ’ল এই যে ছেলৱা হুছেইন নামৰ লণ্ডনৰ এগৰাকী মহিলাই যোৱা ২০১৭ চনৰ ২৭ জুনৰ পৰাই এটি ৬.জ্জ্ব কেজি ওজনৰ কৃত্ৰিম হৃদযন্ত্ৰ পিঠিত বোকোচা বান্ধি লৈ ফুৰিছে৷ সেয়া ২০১৭ চনৰ মে’ মাহৰ প্ৰথম সপ্তাহৰ কথা৷ শ্বাস- প্ৰশ্বাসৰ ভয়ংকৰ বিসংগতিয়ে ছেলৱাৰ জীৱন অসহনীয় কৰি তুলিছিল৷ পৰিয়ালৰ লোকে ততাতৈয়াকৈ ৩৯ বছৰীয়া ছেলৱাক ভৰ্তি কৰিলেহি লণ্ডনৰ ‘হেয়াৰফিল্ড’ নামৰ হস্পিতালখনত৷ পৰীক্ষাৰ অন্তত চিকিৎসকসকলে পৰিয়ালৰ লোকক জানিবলৈ দিলে যে ছেলৱা ইতিমধ্যে হৃদযন্ত্ৰৰ জটিল বিসংগতিত ভুগিছে আৰু তেওঁৰ হৃদযন্ত্ৰটো প্ৰায় বিকল হৈ পৰিছে৷ চিকিৎসকৰ মতে অতি সোনকালে ছেলৱাৰ দেহৰ পৰা বিকলপ্ৰায় হৃদযন্ত্ৰটো উলিয়াই আনি তাৰ ঠাইত কৃত্ৰিম হৃদযন্ত্ৰ স্থাপন নকৰিলে, যিকোনো মুহূৰ্ততে ছেলৱাৰ মৃত্যু হ’ব৷ পৰিয়ালৰ লোকৰ সন্মতি সাপেক্ষে ২০১৭ চনৰ ২৭ জুনৰ দিনা ‘হেয়াৰফিল্ড’ হস্পিতালৰ ডায়েনী গাৰচিয়া চায়েজ আৰু এণ্ড্ৰে চাইমন নামৰ দুগৰাকী চাৰ্জনে প্ৰায় ছয় ঘণ্টা জোৰা এটা জটিল অস্ত্ৰোপচাৰেৰে ছেলৱাৰ দেহৰ পৰা হৃদযন্ত্ৰটো উলিয়াই আনি তাৰ ঠাইত প্ৰায় ৬.জ্জ্ব কেজি ওজনৰ এটা কৃত্ৰিম হৃদযন্ত্ৰ স্থাপন কৰে৷ এই কৃত্ৰিম হৃদযন্ত্ৰটো দৰাচলতে চ্ছ্ৰ ভŒI×ৰ দুটা বেটাৰীৰ দ্বাৰা পৰিচালিত হোৱা এটা বৈদু্যতিক মটৰহে৷ বেটাৰীৰ পৰা বিদু্যত প্ৰবাহ আহৰণ কৰি এই মটৰটোৱে ৰোগীৰ পিঠিত ৰখা এটা বিশেষ ধৰণৰ প্লাষ্টিকৰ মোনালৈ বায়ুৰ সোঁত সৃষ্টি কৰে৷ পৰবৰ্তী পৰ্যায়ত এই বায়ুৰ সোঁত ৰোগীজনৰ বুকুত স্থাপন কৰি ৰখা কৃত্ৰিম হৃদযন্ত্ৰটোলৈ প্ৰেৰণ কৰি ৰোগীৰ দেহত তেজৰ সঞ্চালন ঘটোৱা হয়৷ হৃদযন্ত্ৰৰ সফল প্ৰতিষ্ঠাপনৰ পিছতো ছেলৱাক পৰৱৰ্তী দুমাহ মান হস্পিতালতেই ৰাখি পৰ্যবেক্ষণ কৰা হৈছিল৷ তাৰপিছত ছেলৱাক ঘৰলৈ যাবলৈ দিয়া হয়৷ ছেলৱাৰ দেহত থকা কৃত্ৰিম হৃদযন্ত্ৰটোৱে গড় হিচাবত প্ৰতি মিনিটত প্ৰায় ১৩৮ বাৰ দেহলৈ তেজৰ সোঁত প্ৰেৰণ কৰিব পাৰে৷ সন্তান আৰু স্বামীসহ এতিয়া ছেলৱাই সুস্থ জীৱন যাপন কৰি আছে৷

-- প্ৰণৱজ্যোতি দাস

You may like these posts

Comments

  1. To insert a code use <i rel="pre">code_here</i>
  2. To insert a quote use <b rel="quote">your_qoute</b>
  3. To insert a picture use <i rel="image">url_image_here</i>
লিখা, মন্তব্যৰ বিষয় অনুসৰি মন্তব্য এৰি দিয়ক সক্ৰিয় লিংক প্ৰদৰ্শিত নহ'ব।
ব্লগ প্ৰশাসক আৰু লেখকসকলৰ প্ৰেৰণ কৰা মন্তব্যত বিলোপ, স্পাম চিনাক্ত কৰাৰ অধিকাৰ আছে