মোবাইল ফোনৰ পৰা কেন্সাৰ হয় নেকি ?

মাবাইল ফোন ব্ৰেইন টিউমাৰৰ কাৰণ হ’ব পাৰে নেকি? বহুতৰ মনলৈ এই প্ৰশ্নটো আহে৷ অনবৰতে ৰেডিয়েছন হৈ থকা ডিভাইছ এটা মূৰৰ ওচৰত লৈ থাকিব লগীয়া হ’লে ভয় খোৱাটো স্বাভাৱিক৷ 

তাতে ২০১১ চনত বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰে যে কিছুমান ৰেডিয়েছনৰ ফলত কেন্সাৰৰ হ’ব পাৰে৷ কথাটো সঁচা যে কিছুমান ৰেডিয়েছনে ডি.এন.এৰ ক্ষতি কেৰে৷ কিন্তু চেলফোনৰ ৰেডিয়ছনৰ পৰা এনে হোৱা অসম্ভৱ৷ 

গৱেষক সকলে ৩৬০ হাজাৰ চেলফোন ফোন ব্যৱহাৰকাৰীক ২০ বছৰ ধৰি অধ্যয়ন কৰি এই কথাটো নিশ্চিত হৈছে যে কেন্সাৰ আৰু চেল ফোনৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই৷ 

ইলেকট্ৰ’মেগনেটিক স্পেকট্ৰাম ( বৈদ্যুতিক চুম্বকীয় বৰ্ণালী )

চেল ফোনে কমিউনিকেচনৰ কাৰণে ৰেডিঅ’ ৱেভৰ ব্যৱহাৰ কৰে৷ বৈদ্যুতিক চুম্বকীয় বৰ্ণালী ( Electro Magnetic spectrum) ই একেবাৰে বাওঁ ফালে থাকে৷ মানে ই একেবাৰে কম এনাৰ্জিৰ৷ তালিকাখনৰ যিমানে সোঁফালে যাব, সিমানে চুটি তৰংগ দৈৰ্ঘ্যৰ, বেছি এনাৰ্জিৰ ৰশ্মি বিলাক দেখিব৷ আপোনালোকে দেখিছে যে ৰেডিঅ’ ৱেভৰ পিচত মাইক্ৰ’ৱেভ, ইনফাৰেড, পোহৰ,  অতি বেঙুনীয়া ৰশ্মি, এক্সৰে’ আদি আছে৷ 

চাবলৈ গ’লে ৰেডিঅ’ ৱেভতকৈ সূৰ্যৰ পোহৰহে বেছি বিপদ জনক৷ সূৰ্যৰ পোহৰত থকা অতি বেঙুনীয়া ৰশ্মিয়েহে চালৰ কেন্সাৰ কৰিব পাৰে৷ এই ইলেকট্ৰ’ মেগনেটিক স্পেকট্ৰামৰ, পোহৰৰ সোঁ ফালে থকা ৰশ্মি সমূহৰ পদাৰ্থক আয়নিত কৰিব পৰা ক্ষমতা আছে৷ মানে তেনেবোৰ ৰশ্মিয়ে পৰমাণু এটাক আঘাত কৰি তাৰ পৰা ইলেকট্ৰন বিচ্চিন্ন কৰিব পাৰে৷ পদাৰ্থ এটাৰ ৰাস¸ায়নিক বন্ধন ভাঙি পেলাব পাৰে৷ গতিকে এনেকুৱা ৰেডিয়েছনে আমাৰ শৰীৰত আঘাত কৰিলে, আমাৰ কোষ, ডি.এন. এ-ৰ অনিষ্ট হোৱাটো স্বাভাৱিক৷ 

কিন্তু ৰেডিঅ’ তৰংগ, ইনফাৰেড আদিৰ সামান্যতমো আয়নিত কৰিব পৰা ক্ষমতা নাই৷ পিছে ঘঁহি থাকিলে শিলো ক্ষয় যায়, ৰেডিয়েছনে আঘাতৰ ওপৰত আঘাত কৰি থাকিলে, কেন্সাৰ নহ’লেও আমাৰ আন কিবা অনিষ্ট হোৱাৰ সম্ভাৱনাও যদি থাকে, যেনে ধৰক দীৰ্ঘ সময়ৰ কাৰণে ৰেডিয়েচনৰ প্ৰভাৱত থাকিলে হিট চক প্ৰটিণ ক্ষৰণ হ’ব পাৰে, গতিকে তেনেকুৱা ধৰণৰ সমস্যাবোৰকো নাইকিয়া কৰাৰ উদ্দেশ্যৰে, মোবাইল ফোনৰ ৰেডিয়ছনক একেবাৰে কম কৰি ৰাখিবলৈ,  চৰকাৰে মোবাইল ফোন কোম্পানীবোৰক একোটা SAR [Specific Absorption Rate] ভেলু ধৰি দিছে৷ গতিকে এই SAR ভেলু নামানিলে তেনেকুৱা ফোন বজাৰলৈ আহিব নোৱাৰে৷ সেয়ে এতিয়াৰে পৰা এই ক্ষেত্ৰত একেবাৰে নিশ্চিন্ত থাকক আৰু যিমান ইচ্ছা সিমান সময় মোবাইলত কথা পাতক৷ 

--- ৰাজীৱ ফুকন

You may like these posts

Comments

  1. To insert a code use <i rel="pre">code_here</i>
  2. To insert a quote use <b rel="quote">your_qoute</b>
  3. To insert a picture use <i rel="image">url_image_here</i>
লিখা, মন্তব্যৰ বিষয় অনুসৰি মন্তব্য এৰি দিয়ক সক্ৰিয় লিংক প্ৰদৰ্শিত নহ'ব।
ব্লগ প্ৰশাসক আৰু লেখকসকলৰ প্ৰেৰণ কৰা মন্তব্যত বিলোপ, স্পাম চিনাক্ত কৰাৰ অধিকাৰ আছে